facebook pixel
chevron_right Top
transparent
বোকাজানত অজনজাতিৰ অধিকাৰ আৰু সুৰক্ষাৰ দাবীত বিশাল প্ৰতিবাদী সমদল
কাৰ্বি আংলঙত জনজাতিসকলৰ অস্তিত্বৰ প্ৰতি শংকা প্ৰকাশ কৰি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলা হিচাবে নিজ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অজনজাতিসকলৰ নাম প্ৰত্যাহাৰ কৰিবৰ বাবে কাৰ্বি সংগঠনসমূহে দাবী জনাই আহিছে। ইয়াৰ বিপৰীতে জিলাখনৰ অজনজাতীয় সংগঠনসমূহে নিজৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। বিশেষকৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে স্বায়ত্ত পৰিষদে নীতি নিৰ্ধাৰণ সমিতি গঠন কৰাৰ পাছতেই জিলাখনৰ অজনজাতিসকল শংকিত হৈ পৰিছে। তাৰে প্ৰেক্ষাপটত আজি বোকাজানত অজনজাতি বিভিন্ন সংগঠনৰ যৌথ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App