facebook pixel
chevron_right Top
transparent
আছু আৰু জনগোষ্ঠীয় সংগঠনৰ সকীয়নি বিক্ষোভ
নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালযৰ় সন্মুখত সদৌ নগাঁও জিলা ছাত্র সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে বিধেয়কখন বাতিলৰ দাবীত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্র সন্থাৰ লগতে কাৰ্বি ছাত্র সন্থা, টাই আহোম ছাত্র সন্থা, চাহ জনজাতি ছাত্র সন্থাকে ধৰি জিলাখনৰ সকলো জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। নলবাৰীৰ পৰা ফাইজুৰ ৰহমানে জনাইছে যে আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত ৰাতিপুৱা ১১বজাৰ পৰা দিনৰ ১বজালৈ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সকীয়নি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App