facebook pixel
chevron_right Top
transparent
এছোৱা গৌৰৱোজ্জ্বল সময় উপহাৰ দি বিদায় ল'লে দূৰদর্শনে
এটা সময় আছিল যেতিয়া মানুহে 'এণ্টেনা' পকাই পকাই দূৰদর্শনৰ বাতৰি চাইছিল। ৰামায়ণ, মহাভাৰত চাবলৈ টি ভিৰ সন্মুখত হাতযোৰ কৰি বহি পৰিছিল এখন সমাজ। দূৰদর্শনৰ প্রতিটো বিজ্ঞাপন, প্রতিগৰাকী বাতৰি পঢেঁ়াতাৰ নাম মুখে মুখে আছিল আমাৰ সমাজৰ এটা প্রজন্মৰ। এই প্রজন্মটোৰ লগত দূৰদর্শনৰ সম্পর্ক আছিল এক আৱেগৰ। এই প্রজন্মটো দূৰদর্শন বুলি ক'লেই এতিয়াও হৈ পৰে নষ্টালজিক। এতিয়াও কথাই কথাই আজিৰ ছিৰিয়েলৰ লগত দূৰদর্শনৰ ছিৰিয়েলৰ তুলনা কৰা এই প্রজন্মটোৰ বাবে দুখৰ খবৰ যে বন্ধ হৈ পৰিবলৈ ওলাইছে ৰাজ্যৰ প্রধান পাঁচখন জিলাৰ দূৰদর্শনৰ ৫টা ৰীলে কেন্দ্র।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App