facebook pixel
chevron_right Top
transparent
ভ্রাম্যমাণ থিয়েটাৰৰ পূর্ণাংগ আলোচনী 'থিয়েটাৰৰ দাপোণ'ৰ উন্মোচন
১৯৬৩ চনৰ পৰা ২০১৮ চন। অর্থাত্‍ ভাৰতবর্ষতে একক, অনন্য আৰু অতুলনীয় অসম গৌৰৱ ভ্রাম্যমাণ থিয়েটাৰে ৰচিলে ৫৫ বছৰীয়া এক বর্ণিল সাংস্কৃতিক পৰিক্রমা। কিন্তু বিগত এই দীঘলীয়া পৰিক্রমাত আজিলৈকে ভ্রাম্যমাণ থিয়েটাৰক লৈ কোনো আলোচনী প্রকাশ হোৱা নাছিল। ৰূপালীম বৰুৱা (প্রকাশক)আৰু সাংস্কৃতিক সাংবাদিক মনোৰঞ্জন কলিতা(সম্পাদক)ৰ চেষ্টাত সেই অভাৱ কিছু পৰিমাণে হ'লেও পূৰণ হ'ল৷অসমত ভ্রাম্যমাণ থিয়েটাৰৰ ৫৫বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে প্রকাশ হৈ ওলাল 'থিয়েটাৰৰ দাপোণ' নামৰ আলোচনীখন। গুৱাহাটীস্থ বিবেকানন্দ কেন্দ্রৰ প্রেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত আজি 'থিয়েটাৰৰ দাপোণ'ৰ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App