facebook pixel
chevron_right Top
transparent
বালি, নাথকুছি, মাখিবাহাত 'স্বচ্ছতাই সেৱা'
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশত আৰম্ভ হৈছে 'স্বচ্ছতাই সেৱা ২০১৮' শীৰ্ষক এখন আঁচনি। তাৰেই অংশ হিচাপে টিহু মহকুমাৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা এক অভিযান চলোৱা হয়। টিহুৰ বালিগাঁৱৰ কালী মন্দিৰ চৌহদত আজিৰ চাফাই অভিযান ৰূপায়ণ কৰা হয়৷ চাফাই অভিযানত অঞ্চলটোৰ বগোৰাম কলিতা, সৰ্বেশ্বৰ বৈশ্য, আনন্দ মেধি, শিবোনাথ শৰ্মা, হেমেন শৰ্মা, কৰুণা ডেকা, দণ্ডীধৰ কলিতা, হেমন্ত বৈশ্য, মুকুল ভগৱতী, নগেন বৈশ্য, ৰোহিণা শৰ্মাৰ লগতে জ্যেষ্ঠ নাগৰিক, গাঁওবুঢ়া আদি বহু লোকে অংশগ্ৰহণ কৰে। মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ উদ্যোগতো মাখিবাহাৰ ৰাজহুৱা স্থানসমূহ পৰিস্কাৰ কৰা হয়।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App