facebook pixel
chevron_right Top
transparent
দিখৌমুখৰ অৰ্কিড পথত ৰাজহুৱাভাৱে অৰ্কিড ৰোপণ
শিৱসাগৰ জিলাৰ দিখৌমুখ ন কটানী কালু গাঁৱৰ যুৱক-যুৱতী আৰু মহিলা সংগঠন 'তেজস্বিনী'ৰ প্ৰচেষ্টাত ইতিমধ্যে অৰ্কিড পথলৈ ৰূপান্তৰিত হোৱা পথটোত আজি বৃহত্তৰ দিখৌমুখ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বহুসংখ্যক ৰাইজে ৰাজহুৱাকৈ বিভিন্ন প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰে। গাঁওবাসীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাত আজি অঞ্চলৰ সমাজকৰ্মী যদুমণি গোস্বামী, বিউটী দত্ত, বুবুল দত্ত, অভিজিত বড়া, নীলাক্ষী নেওগকে ধৰি 'তেজস্বিনী'ৰ সদস্যা আৰু যুৱকসকলে বহু সংখ্যক ভিন্ন প্ৰজাতিৰ অৰ্কিড ৰোপণেৰে সহযোগিতা আগবঢ়ায়। ৰাইজৰ এই সহযোগিতাৰ বাবে গাঁওবাসীয়ে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে৷।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App