facebook pixel
chevron_right Top
transparent
ডিমাকুছিত সুৰামত্ত পুত্ৰৰ হাতত পিতৃৰ মৃত্যু, পিতৃহন্তা পুত্ৰক গ্ৰেপ্তাৰ
ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত বৰঙাবাৰীৰ হাবি বস্তিত কালি নিশা সুৰাৰ ৰাগিত মতলীয়া এজন যুবকৰ প্ৰহাৰত পিতৃৰ মৃত্যু হয়। সন্তোষ কুজুৰ নামৰ ৩০ বছৰীয়া যুৱকজনে এখন চাইকেলক কেন্দ্ৰ কৰি পিতৃৰ সৈতে হোৱা কাজিয়াৰ পৰিণতিত খঙৰ ভমকত হিতাহিত জ্ঞান হেৰুৱাই এডাল খৰিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাত পিতৃ বাৰ্থা কুজুৰ (৫০)ৰ থিতাতে মৃত্যু ঘটে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পিতৃহন্তা সন্তোষ কুজুৰক গ্ৰেপ্তাৰ কৰাৰ উপৰি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App