facebook pixel
chevron_right Top
transparent
এন ডি এফ বিৰ দুজন সদস্যক মৃত্যুদণ্ডৰ নির্দেশ
নিৰীহৰ ওপৰত নির্বিচাৰ আক্রমণ চলোৱা এন ডি এফ বিৰ চাৰিজন সদস্যৰ দুজনক মৃত্যুদণ্ড আৰু দুজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থাৰ (নিয়া) আদালতে। বিগত প্রায় তিনিবছৰ ৰাষ্ট্রীয় অনুসন্ধান সংস্থাৰ গুৱাহাটীৰ আদালতত তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি আছিল। হত্যাকাণ্ডৰ গোচৰত ইতিপূর্বে তদন্তকাৰী সংস্থাটোৰ আদালতে অজয় বসুমতাৰী, বিষ্ণু নার্ৰী, নিতুল দৈমাৰী আৰু সঞ্জু বৰদলৈক দোষী সাব্যস্ত কৰিছিল। আজি আদালতে অজয় বসুমতাৰী আৰু বিষ্ণু নার্ৰীক মৃত্যুদণ্ডৰ আৰু আন দুজন অভিযুক্ত ক্রমে নিতুল দৈমাৰী আৰু সঞ্জু বৰদলৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নির্দেশ দিয়ে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App