facebook pixel
chevron_right Top
transparent
জলপ্রলয়ৰ আশংকাত আতংকিত ৰাইজ
গেৰুকামুখত নির্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধৰ ওপৰেৰে প্রবল বেগেৰে বাগৰিছে পানী। উল্লেখযোগ্য যে সোৱণশিৰি নদীৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। যাৰ বাবে প্রকল্পটোত ৮০ হাজাৰ ঘন মিটাৰ পানী জমা হৈছে। ফলত ১৩৫ ঘন মিটাৰ ওপৰলৈ উঠি ডাইভার্ছন টানেলেৰে যাব নোৱাৰি মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছে। ইয়াক লৈ নৈপৰীয়া জনসাধাৰণে জলপ্রলয়ৰ আশংকাত আতংকিত হৈ পৰিছে। উল্লেখযোগ্য যে নদীবান্ধৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্রতিবাদ কৰি আহিছে যদিও এন এইচ পি চিয়ে গোপনে নির্মাণকার্য অব্যাহত ৰাখিছে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App