facebook pixel
chevron_right Top
transparent
অসম ৰক্তাক্ত কৰাৰ ষড়যন্ত্র কৰিছিল হিজবুলে
ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ অসমত জুই জ্বলোৱাৰ ষড়যন্ত্র ৰচিছিল সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনে। যোৱা বৃহস্পতিবাৰে উত্তৰ প্রদেশত গ্রেপ্তাৰ কৰা হিজবুল মুজাহিদীনৰ সদস্য অসমৰ হোজাইৰ কামৰুজ জামানেই এইক্ষেত্রত আগভাগ লৈছিল। সন্ত্রাসবাদী সংগঠনটোৱে নাগৰিকপঞ্জী উন্নীতকৰণক লৈ অসমত ৰক্তাক্ত পৰিস্থিতি সৃষ্টি কৰিবৰ বাবে ৰচনা কৰা ভয়ংকৰ পৰিকল্পনাৰ কথা প্রকাশ কৰিছে আৰক্ষীৰ অনুসন্ধানকাৰী সংস্থাই। যিহেতু কামৰুজ জামানৰ ঘৰ হোজাইৰ যমুনামুখত, গতিকে কামৰুজক ঢাল হিচাপে লৈ সন্ত্রাসবাদী সংগঠনটোৱে অসমত নিজৰ শক্তি বৃদ্ধিৰ বাবে চেষ্টা চলাইছিল। বহুসংখ্যক মুছলমান যুৱকক সংগঠনটোত যোগদান কৰোৱাৰ ক্ষেত্রত আগভাগ লৈছিল কামৰুজে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App