facebook pixel
chevron_right Top
transparent
স্বচছতা অভিযানত নতুন প্রজন্মক অংশ ল'বলৈ মোদীৰ আহবান
'স্বচছতা অভিযানৰ বীজ দেশৰ চুকে-কোণে, গাঁৱে-ভূঞে বিয়পাই দিব লাগিব। আমাৰ দেশৰ উঠি অহা যুৱ প্রজন্মই স্বচছ অভিযানৰ অংশীদাৰ হৈ আগুৱাই নিলেহে ইয়াৰ বাস্তৱিক সফলতা লাভ কৰিব৷' আজি ডিব্রুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তর্গত ঔফুলীয়া গাঁওবাসী আৰু ছাত্র-ছাত্রীৰ সৈতে ভিডিঅ' বার্লাপত মিলিত হৈ এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। সোণোৱাল-কছাৰী বসতি প্রধান গাঁওখনত ডিব্রুগড় জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত প্রধানমন্ত্রীৰ সৈতে বার্লাপ অনুষ্ঠানত আজি সমষ্টিটোৰ দুকুৰিৰো অধিক শিক্ষানুষ্ঠানৰ দুহেজাৰৰো অধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীকে ধৰি উক্ত গাঁওখনৰ যুৱ সমাজ, মহিলাসকলেও অংশগ্রহণ কৰে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App