facebook pixel
chevron_right Top
transparent
অসমত হিজবুলৰ আন দুজন লিংকমেনক গ্রেপ্তাৰ
উত্তৰ প্রদেশৰ কানপুৰত হিজবুল মুজাহিদীনৰ সদস্য কামৰুজ জামানক উত্তৰ প্রদেশৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত অসম আৰক্ষীয়ে সংগঠনটোৰ আন তিনিজন সদস্যক যোৱা দুদিনত গ্রেপ্তাৰ কৰে। কাশ্মীৰৰ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সাংগঠনিক ভেঁটি অসমলৈ সম্প্রসাৰিত কৰাৰ পদক্ষেপ লৈছিল কামৰুজ জামানে। আৰক্ষী জিম্মাত থকা কামৰুজৰ মুখৰ পৰা কেতবোৰ তথ্য উদ্ধাৰ কৰাৰ পাছত অসম আৰক্ষীক সেই কথা অবগত কৰাইছে উত্তৰ প্রদেশ আৰক্ষীয়ে। উত্তৰ প্রদেশ আৰক্ষীয়ে যোগান ধৰা তথ্যৰ ভিত্তিত অসমতে দুজনকৈ যুৱক ক্রমে শ্বাহনৱাজ আলম আৰু ছাইদুল আলমক অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App