facebook pixel
chevron_right Top
transparent
ধেমাজিৰ বান পৰিস্থিতি অপৰিৱর্তিত
ধেমাজি জিলাৰ বান পৰিস্থিতি আজিও শোচনীয় হৈ আছে। ভদীয়া বানত জিলাখনৰ প্রায় ২২১খন গাঁও বানৰ কবলত পৰিছে। জোনাইত ১৪২খন, ধেমাজিত ৮খন, গোগামুখত ৫৯খন গাঁও আৰু চি চি বৰগাঁৱৰ ১২খন গাঁও সম্পূর্ণৰূপে বানৰ কবলত পৰাৰ লগতে ৭৮,০৯৮টা পৰিয়াল আৰু দহ হাজাৰ হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰিছে। ইফালে, ধেমাজিৰ চকুলো জীয়াধল নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি কালি জীয়াধল ৰে'লৱে ষ্টেছনৰ সমীপৰ হেঁচুলিৰ ওচৰৰ ৰে'লপথটোৰ ২০ মিটাৰ অংশ খহাই নিয়াৰ ফলত গুৱাহাটী- মূর্কংচেলেকৰ মাজত আজিও ৰে'ল চলাচল বন্ধ হৈ আছে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App