facebook pixel
chevron_right Top
transparent
'গুণোৎসৱে প্রতিযোগিতাৰ মনোভাৱ বঢ়াই তুলিব'
যোৰহাট ঃ ষ্টাফ ৰিপ'র্ৰ, 13 অক্টোবৰ ঃ ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ মান নিৰূপণৰ বাবে আয়োজন কৰা দ্বিতীয় পর্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিনা যোৰহাটত প্রধান শিক্ষকৰ ৰূপত অৱতীর্ণ হ'ল অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী। যোৰহাটৰ উপকণ্ঠ চাৰিগাঁও অঞ্চলৰ 36 নং নালকটা প্রাথমিক বিদ্যালয়ত গুণোৎসৱৰ বহিঃ মূল্যায়কৰ ভূমিকা পালন কৰি স্থানীয় বিধায়ক তথা অধ্যক্ষগৰাকীয়ে শ্রেণী কোঠাৰ ভিতৰত ছাত্র-ছাত্রীৰ মেধা শক্তিৰ উমান লয়। শিক্ষকৰ চকীত বহি অধ্যক্ষগৰাকীয়ে ছাত্র-ছাত্রীক ৰাষ্ট্রীয় সংগীত, জাতীয় সংগীত পৰিৱেশন কৰোৱাৰ লগতে নিজেও সন্মান প্রদর্শন কৰে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App